যোৰহাট জিলা আয়ুক্তৰ নিৰ্দেশ অনুসৰি জিলা প্ৰশাসনৰ বিষয়াসকলৰ দ্বাৰা জিলাখনৰ অন্তৰ্গত বিভিন্ন অংগনৱাড়ী কেন্দ্ৰ আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শন অব্যাহত আছে। ইয়াৰ অংশ হিচাপে আজি জিলাখনৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু মেলেঙী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয়ৰ বিভিন্ন দিশ সন্দৰ্ভত বুজ লয়। তেওঁ পুৱাৰ প্রাতঃসভাত উপস্থিত থাকি শিক্ষাৰ্থীৰ লগত মত-বিনিময় কৰে। আনহাতে, জিলাখনৰ সহকাৰী আয়ুক্তদ্বয়ে লাহদৈগড়ৰ ৬৭ নম্বৰ সৰু মইনাপুৰীয়া অংগনৱাড়ী কেন্দ্ৰ আৰু ৭২ নম্বৰ বৰখেলিয়া নিম্ন বুনিয়াদী বিদ্যালয়ৰ বিভিন্ন দিশ সন্দৰ্ভত বুজ লোৱাৰ উদ্দেশ্যে পৰিদৰ্শন কৰে। তদুপৰি তেওঁলোকে ৭২ নম্বৰ বৰখেলিয়া নিম্ন বুনিয়াদী বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষাৰ্থীৰ উপস্থিতি, মধ্যাহ্ন ভোজন আৰু ক্ৰীড়া সঁজুলি সন্দৰ্ভত বুজ লয়। সেইদৰে তিতাবৰ ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে চক্ৰটোৰ অন্তৰ্গত বান্দৰ চলিহা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে।
Assamese | November 14, 2024 8:57 PM | jorhat anganwari centre visit
যোৰহাটৰ বিভিন্ন অংগনৱাড়ী কেন্দ্ৰ আৰু বিদ্যালয় জিলা প্ৰশাসনৰ বিষয়াৰ পৰিদৰ্শন