যোৰহাট জিলাৰ বিভিন্ন স্থানত অসম চৰকাৰৰ এইডছ কনট্ল ছ‘চাইটি আৰু যোৰহাট জিলা প্ৰশাসনৰ হৈ জিলা এইডছ নিয়ন্ত্রণ বিভাগৰ সৌজন্যত আজি এইডছ আৰু মাদক দ্রব্য বিৰোধী পথ সজাগতা সভা অনুষ্ঠিত হয়। অনুষ্ঠানত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বিশেষ পৰামৰ্শদাতাই এইডছ ৰোগ সংক্ৰমণ, প্ৰতিৰোধ আৰু এই ৰোগৰ ভয়াৱহতাৰ বিষয়ে বাহনা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। সজাগতা সভাৰ লগত সংগতি ৰাখি বাহনা অঞ্চলৰ বুধবৰীয়া সপ্তাহিক বজাৰ আৰু নিমাতী কমলাবাৰী ঘাটতো এইডছ আৰু মাদক দ্ৰব্যৰ অপকাৰিতা সন্দৰ্ভত দৃশ্য-শ্ৰব্য মাধ্যমেৰে উপস্থিত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়।
Assamese | September 11, 2024 6:42 PM | Jorhat district
যোৰহাটত এইডছ আৰু মাদক দ্রব্য বিৰোধী পথ সজাগতা সভা অনুষ্ঠিত