কেন্দ্ৰীয় ইলেকট্রনিক আৰু তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্য মন্ত্রী জিতিন প্রসাদে নতুন দিল্লীত আজি ডিজিটেল ভাৰত অৰ্থনৈতিক সন্মিলনক সম্বোধন কৰে। অনুষ্ঠানত ভাষণ দি শ্রী প্রসাদে কয় যে, ভাৰত ষ্টৰ্টআপৰ মহাকুম্ভ । তেওঁ কয় যে, যোৱা ১০ বছৰত এইখন দেশত প্ৰতি ৪০ মিনিটত এটাকৈ ষ্টার্টআপ মুকলি কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দেশৰ এক লাখ ৪০ হাজাৰ ষ্টাৰ্টআপৰ ৪৫ শতাংশ মহিলাৰ নেতৃত্বাধীন আৰু মুঠ ষ্টার্টআপৰ আধাতকৈও বেছি সংখ্যকত কমেও এগৰাকী মহিলা সঞ্চালক আছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এইবাৰৰ বাজেটত ১০ হাজাৰ কোটিতকৈও অধিক টকা কৃত্রিম বুদ্ধিমত্তা অভিযানৰ বাবে আবণ্টন দিয়া হৈছে। ভাৰতৰ কৃত্ৰিম বুদ্ধিমত্তা অভিযানৰ ৭টা স্তম্ভৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে দেশত কৃত্রিম বুদ্ধিমত্তা বিকশিত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।
Assamese | August 29, 2024 8:51 PM | jitin prasad conclave
নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী জিতিন প্ৰসাদৰ ডিজিটেল ভাৰত অৰ্থনৈতিক সন্মিলনক সম্বোধন