হেমন্ত চোৰেন চৰকাৰে আজি ঝাৰখণ্ড বিধানসভাত আস্থাৰ ভোটত জয়লাভ কৰে। ঝাৰখণ্ড মুক্তি মৰ্চা নেতৃত্বাধীন মিত্ৰজোঁটৰ ৪৫ গৰাকী বিধায়কে আস্থা প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে বিধানসভাত আস্থাৰ প্ৰস্তাৱ দাখিল কৰিছিল। ইয়াৰ পাছতেই বিৰোধীয়ে বিতৰ্কৰ সৃষ্টি কৰি সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। আস্থাৰ ভোটৰ পাছতেই সদন স্থগিত ৰখা হয় ৪৮ বছৰীয়া চোৰেনে ৪ জুলাইত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল। আজি বিয়লি মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীসকলে শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
Assamese | July 8, 2024 6:13 PM | Hemnta suren
ঝাৰখণ্ড বিধানসভাত হেমন্ত চোৰেন চৰকাৰ আস্থাৰ ভোটত জয়লাভ