এন ডি এৰ সংসদীয় দলৰ বৈঠকৰ পূৰ্বে জনতা দল ইউনাইটেডে আজি এখন সংসদীয় বৈঠকৰ আয়োজন কৰে। জনতা দল ইউনাটেডৰ নেতা তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে তেওঁৰ নতুন দিল্লীৰ বাসগৃহত অনুষ্ঠিত সংসদীয় দলৰ এই বৈঠকত অধ্যক্ষতা কৰে । জে ডি ইউৰ লালন সিং, সঞ্জয় কুমাৰ ঝা, অজয় কুমাৰ মণ্ডল, বিজয় লক্ষ্মী কুছুৱাহা, কৌশলেন্দ্ৰ কুমাৰ, ৰামনাথ ঠাকুৰ, দেবেশ চন্দ্ৰ ঠাকুৰ, সুনীল কুমাৰ, লাভলী আনন্দ, অনিল হেগড়েৰ লগতে আন আন নেতাসকল বৈঠকত উপস্থিত থাকিব। উল্লেখযোগ্য যে লোক জনশক্তি পাৰ্টী ৰাম বিলাস গুটেও আজি ৰাষ্ট্ৰীয় ৰাজধানীত এখন সংসদীয় বৈঠকৰ আহ্বান কৰে। এই বৈঠকত ৰাষ্ট্ৰীয় সভাপতি চিৰাগ পাছোৱানক দলটোৰ সংসদীয় সমিতিৰ নেতা নিৰ্বাচন কৰা হয়।
Assamese | June 7, 2024 7:05 PM | JDU Meet
এন ডি এৰ সংসদীয় দলৰ বৈঠকৰ পূৰ্বে জনতা দল ইউনাইটেডৰ সংসদীয় বৈঠক