ৰাজ্যসভাত আজি দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ ঘৰত বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ হোৱা বিষয়টো উত্থাপন কৰা হয়। সভাপতি জগদীপ ধনখড়ে এই বিষয়টোৰ দায়িত্ব গ্ৰহণ কৰি কয়, যে সদনৰ নেতা আৰু বিৰোধী দলৰ নেতাৰ সৈতে তেওঁ আলোচনা কৰি অধিৱেশনৰ সময়ছোৱাতে বিষয়টো সন্দৰ্ভত বিস্তৃত পর্যালোচনা চলাব। ইয়াৰ পূৰ্বে কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশে সদনৰ শূন্য কালত এই বিষয়টো উত্থাপন কৰি দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বাসগৃহত বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ হোৱা ঘটনাটো অতি আশ্চর্যজনক বুলি মন্তব্য কৰে। তেওঁ সভাপতি জগদীপ ধনখড়ক ন্যায়িক খণ্ডক জবাবদিহি কৰাৰ গুৰুত্ব বৃদ্ধিৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ চৰকাৰক প্রয়োজনীয় নির্দেশ দিবলৈ আহ্বান জনায়।
Assamese | March 21, 2025 6:46 PM | Jasbant barma
ৰাজ্যসভাত আজি ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ ঘৰত বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ হোৱা বিষয়টো উত্থাপন