খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ জনমুখী প্রয়াস অন্ন সেৱা দিন এই মাহৰ বাবে আজিৰ পৰা ১০ নৱেম্বৰলৈ ঘোষণা কৰা হৈছে। ৰাজ্যৰ মুঠ ৬৭ লাখ ২ হাজাৰ ৫৪টা পৰিয়ালৰ ২ কোটি ৩০ লাখৰো অধিক হিতাধিকাৰীয়ে এই আঁচনিৰ অধীনত সুলভ মূল্যৰ দোকানৰ পৰা বিনামূলীয়া চাউল সংগ্ৰহ কৰিব পাৰিব। আনহাতে, সুলভ মূল্যৰ দোকানীসকলক অন্ন সেৱা দিন সম্পৰ্কে ব্যাপক প্ৰচাৰ চলোৱা আৰু নিৰ্ধাৰিত দিনকেইটাত দোকান খোলা ৰাখি হিতাধিকাৰীসকলক প্ৰাপ্য চাউল বিতৰণ নিশ্চিত কৰিবলৈ আহ্বান জনোৱা হৈছে।
Assamese | November 1, 2024 1:05 PM | Janmukhi day
আজিৰ পৰা ১০ নৱেম্বৰলৈ জনমুখী প্রয়াস অন্ন সেৱা দিন ঘোষণা