জম্মু-কাশ্মীৰত অলপতে হৈ যোৱা বিধানসভা নিৰ্বাচনৰ ভোটগণনা কাইলৈ অনুষ্ঠিত হ’ব। মুখ্য নির্বাচনী বিষয়া পামদুৰাং কে পলে কয় যে, এই ভোটগণনা যাতে সুৰক্ষিতভাৱে আৰু সুকলমে সম্পন্ন হয় তাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে ৩ তৰপীয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ষ্ট্ৰং ৰূম আৰু ভোটগণনা কেন্দ্ৰসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। যিসকলৰ পৰিচয়পত্র আছে সেইসকলকহে ভোটগণনা কেন্দ্ৰত প্ৰৱেশৰ অনুমতি দিয়া হ’ব। ইয়াৰ উপৰি কেন্দ্ৰসমূহত জিলা তথ্য বিষয়াৰ নিৰীক্ষণত মিডিয়া কোষ স্থাপন কৰা হ’ব।
Assamese | October 7, 2024 9:04 PM | jammu kashmir election counting
জম্মু-কাশ্মীৰত কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোটগণনা