জম্মু-কাশ্মীৰত কাশ্মীৰ স্বাস্থ্য সেৱা বিভাগৰ সঞ্চালক ডাঃ মুস্তাফ আহমেদ ৰাডাৰে এই মাহৰ ২৯ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া পৱিত্ৰ অমৰনাথ যাত্ৰাৰ বাবে চন্দনৱাড়ী বেচ কেম্প হাস্পতালৰ পৰা শেষনাগ বেচ কেম্প হাস্পতাললৈ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ কালছোৱাত তেওঁ পেহেলগামত স্থাপন কৰা স্বাস্থ্য সেৱা সুবিধাসমূহো নিৰীক্ষণ কৰে। তেওঁ বেচ হাস্পতাল চন্দনৱাড়ী, মিড পিচ্চু, পিচ্চু টপ, জজিবাল, নাগাকটি আৰু বেচ হাস্পতাল শেষনাগ পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালছোৱাত ডাঃ ৰাডাৰে স্বাস্থ্য সেৱাসমূহ সুচাৰুৰূপে কাৰ্যক্ষম কৰিবলৈ আৱশ্যকীয় কৰ্মচাৰী, আন্তঃগাঁথনি, ঔষধ আদিৰ লগতে আন আন স্বাস্থ্য সেৱা সম্পৰ্কীয় আহিলাপাতিৰ উপলভ্যতা সম্পর্কে বিস্তৃতভাৱে পর্যবেক্ষণ কৰে। সঞ্চালকগৰাকীয়ে কৰ্মচাৰীসকলৰ সৈতে মত- বিনিময় কৰি তেওঁলোকৰ অসুবিধাসমূহ দূৰীকৰণৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ স্বাস্থ্যকর্মীসকলে স্বাস্থ্য সেৱা প্ৰদানৰ ক্ষেত্ৰত কৰি থকা প্ৰয়াসৰ প্ৰশংসা কৰে ।
Assamese | June 24, 2024 6:06 PM | Jammu & Kashmir
অমৰনাথ যাত্ৰাৰ বাবে স্বাস্থ্য সেৱা বিভাগৰ সঞ্চালকৰ বেচ কেম্প হাস্পতাল পৰিদৰ্শন