উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি মধ্যপ্ৰদেশৰ উজ্জয়ীনিত ৬৬ সংখ্যক সদৌ ভাৰত কালিদাস সমাৰোহ উদ্বোধন কৰে। অনুষ্ঠানত ৰাজ্যপাল মংগুভাই পেটেল, মুখ্যমন্ত্ৰী ড০ মোহন যাদৱকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত ২০২২-২৩ বৰ্ষৰ বাবে কালিদাস অলংকাৰণ সন্মান প্ৰদান কৰা হয়। ৪ টা শাখাত ৮ গৰাকী পণ্ডিতক এই সন্মান প্ৰদান কৰা হয়। অনুষ্ঠানত ভাষণ দি শ্রীধনখড়ে মহাকবি কালিদাসৰ সৃষ্টিত মানৱীয় অনুভুতি, মানৱ আৰু প্ৰকৃতিৰ মাজত অভিন্ন সম্পৰ্ক আৰু পবিত্ৰ ভালপোৱা দেখা পোৱা যায় বুলি কয়। তেওঁ কয়, যে মহান কবিগৰাকীয়ে তেওঁৰ লিখনিত বৰ্তমান সময়ৰ জলন্ত পৰিবেশ সুৰক্ষাৰ বিষয়সমূহৰ কথা লিপিবদ্ধ কৰিছিল আমাৰ অৱস্থিতিৰ বাবে পৰিবেশ ৰক্ষা আৰু সৃষ্টিৰ প্ৰয়োজন। শ্ৰীধনখড়ে কয়, যে কালিদাস সন্মান হৈছে আমাৰ দেশৰ সংস্কৃতিৰ সন্মান। সংস্কৃতি অবিহনে আমাৰ সমাজ কেতিয়াও বৰ্তি থাকিব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে ।
Assamese | November 12, 2024 8:08 PM | Jagdeep dhankher
উজ্জয়ীনিত ৬৬ সংখ্যক সদৌ ভাৰত কালিদাস সমাৰোহ উদ্বোধন জগদীপ ধনখড়ৰ