কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্রী জি কিষাণ ৰেড্ডীয়ে আজি হায়দৰাবাদত ৰাজভাষা – দক্ষিণ সম্বাদৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দিয়ে। বালায়োগী ইনড‘ৰ ষ্টেডিয়ামত আয়োজিত কাৰ্যসূচীত ভাষণ দি শ্ৰীৰেড্ডীয়ে সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণত ভাষাৰ উল্লেখযোগ্য ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ হিন্দীক ভাৰতৰ ভাষাৰ বৈচিত্র্যতাক একত্ৰিত কৰা যোগসূত্ৰ হিচাপে অভিহিত কৰে। চৰকাৰী ভাষা বিভাগৰ প্ৰচেষ্টাক প্ৰশংসা কৰি তেওঁ কয় যে চীন, জাপান, ইজৰাইলৰ দৰে ৰাষ্ট্ৰইও নিজ মাতৃভাষাক অগ্ৰাধিকাৰ দিয়ে। জাতীয় ঐক্য সুদৃঢ় কৰাৰ বাবে ৰাজভাষাক আদৰি ল‘বলৈ তেওঁ জনসাধাৰণলৈ আহ্বান জনায়।
Assamese | July 11, 2025 8:47 PM | J Kishan Reddy
ৰাজভাষা – দক্ষিণ সম্বাদৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে আয়োজিত অনুষ্ঠানত জি কিষাণ ৰেড্ডীৰ অংশগ্ৰহণ