November 22, 2024 8:15 PM | ITF junior tennis

printer

আই টি এফ জুনিয়ৰ আন্তৰ্জাতিক টেনিছ প্রতিযোগিতাৰ ল’ৰাৰ একক শাখাত সেহাজ সিং পাৱাৰে ফাইনেলত প্ৰৱেশ

গুৱাহাটীৰ চচলত অনুষ্ঠিত আই টি এফ জুনিয়ৰ আন্তৰ্জাতিক টেনিছ প্রতিযোগিতাৰ ল‘ৰাৰ একক শাখাত শীৰ্ষ বাছনিৰ ভাৰতৰ সেহাজ সিং পাৱাৰে ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাখনত আজি অনুষ্ঠিত ছেমি ফাইনেলত সেহাজে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইজিয়ান আহমেদক পৰাস্ত কৰে। কাইলৈ হ‘বলগীয়া ফাইনেলত সেহাজে ভাৰতৰ বাছনিবিহীন খেলুৱৈ অৰ্জুন ৰাথীৰ বিৰুদ্ধে অৱতীৰ্ণ হ‘ব। আজি অনুষ্ঠিত ল‘ৰাৰ একক শাখাৰ আনখন ছেমি ফাইনেলত অর্জুনে ষষ্ঠ বাছনিৰ প্ৰণীল শৰ্মাক পৰাস্ত কৰে। আনহাতে কাইলৈ হ‘বলগীয়া ছোৱালীৰ একক শাখাৰ ফাইনেলত ভাৰতৰ শীৰ্ষ বাছনি ঋষিতা ৰেড্ডী আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিতীয় বাছনিৰ প্ৰিয়ংক ৰাণাৰ মুখামুখি হ‘ব। উল্লেখযোগ্য যে সদৌ অসম টেনিছ সন্থাই সৰ্বভাৰতীয় টেনিছ সংস্থাৰ সহযোগত আয়োজন কৰা এই প্ৰতিযোগিতাখনৰ ল‘ৰা আৰু ছোৱালীৰ ডাবলছৰ ফাইনেল আজি অনুষ্ঠিত হয়। ল‘ৰাৰ ডাবলছ শাখাত শীৰ্ষ বাছনিৰ ফ্ৰান্সৰ এখন গাবেট আৰু ভাৰতৰ সেহাজ সিং পাৱাৰ চেম্পিয়নৰ সন্মান অৰ্জন কৰে। আনহাতে ভাৰতৰ ঐশ্বৰ্য যাদৱ আৰু সোহিনী সঞ্জয় মহন্তীয়ে ছোৱালীৰ ডাবলছ শাখাৰ খিতাপ অৰ্জন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।