জাৰ্মানীৰ মিউনিখত চলি থকা ISSF-2025 বিশ্বকাপত ভাৰতীয় শ্বুটাৰ চিফট কৌৰ শৰ্মাই মহিলাৰ ৫০ মিটাৰ ৰাইফল থ্ৰী পজিছন শিতানত কালি ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ২৩ বছৰীয়া চিটে চূড়ান্ত খেলত ৪৫৩ দশমিক ১ পইণ্টেৰে তৃতীয় স্থান লাভ কৰে । নৰৱেৰ জেনেট হেগ দুস্তেডে ৪৬৬ দশমিক ৯ পইণ্টেৰে সোণৰ আৰু ছুইজাৰলেণ্ডৰ এমিলি জেগিয়ে ৪৬৪ দশমিক ৮ পইণ্টেৰে ৰূপৰ পদক হস্তগত কৰে। মিউনিখ বিশ্বকাপত এইটো হৈছে ভাৰতৰ দ্বিতীয়টো পদক। ইয়াৰ পূৰ্বে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল শিতানত ইলাভেনী ভেলেৰীভানে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। বিশ্বৰ ৭৮ খন দেশৰ প্ৰায় ৭০০ গৰাকী খেলুৱৈয়ে চলিত তৃতীয় বিশ্বকাপত অংশগ্রহণ কৰিছে ।
Assamese | June 13, 2025 12:14 PM | ISSF WC 2025 Sift Kaur Samra wins bronze in 50m rifle 3 positions
জাৰ্মানীৰ মিউনিখত চলি থকা ISSF-2025 বিশ্বকাপত ভাৰতীয় শ্বুটাৰ চিফট কৌৰ শৰ্মাৰ ব্ৰঞ্জৰ পদক