ইজলাইৰে বিগত ১২ ঘণ্টাত গাজাত চলোৱা আক্ৰমণত ২০ জন লোকে প্ৰাণ হেৰুৱাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে বোমা বর্ষণ ততালিকে বন্ধ কৰিবলৈ ইজলাইক আহ্বান জনোৱা সত্বেও দেশখনে গাজা অঞ্চলত আক্ৰমণ অব্যাহত ৰাখিছে। ইপিনে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ডোনাল্ড ট্রাম্পৰ প্ৰস্তাৱৰ প্ৰথম পৰ্যায়ৰ বাবে প্ৰস্তুতি চলোৱা বুলি প্ৰকাশ কৰিছে। এই প্ৰস্তাৱত গাজাত হামাছে বর্তমানো পণবন্দী কৰি ৰখাসকলক মোকলাই দিয়াৰ কথা কোৱা হৈছে।
Assamese | October 4, 2025 9:15 PM | Israel-Gaza
ইজলাইৰে বিগত ১২ ঘণ্টাত গাজাত চলোৱা আক্ৰমণত ২০জন লোক নিহত