নতুন দিল্লীত আজি আন্তঃৰাষ্ট্ৰীয় চেনী সংস্থা পৰিষদৰ ৬৪ সংখ্যক বৈঠক আৰম্ভ হ’ব। বৈঠকত ৩০ খনতকৈও অধিক দেশৰ প্ৰতিনিধিৰ উপৰি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিয়ে চেনী আৰু জৈৱ ইন্ধন খণ্ডৰ বিষয় লৈ আলোচনাত মিলিত হয়। এই তিনি দিনীয়া বৈঠকত অংশগ্ৰহণ কৰা প্ৰতিনিধিবর্গক জৈৱ ইন্ধন খণ্ডত দেশে গ্ৰহণ কৰা অত্যাধুনিক প্রযুক্তি প্ৰদৰ্শন কৰাৰ বাবে উত্তৰ প্ৰদেশৰ মুজাফ্ফ্ফৰ নগৰত থকা এটা উদ্যোগ পৰিদৰ্শন কৰোৱা হ’ব। বৈঠকত সৈতে সংগতি ৰাখি নতুন দিল্লীৰ ভাৰত মণ্ডপমত এখন কর্মশালাৰো আয়োজন কৰা হৈছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নতুন আৰু নৱীকৰণ যোগ্য শক্তি মন্ত্রী প্রহ্লাদ যোশীয়ে এই কর্মশালাখন মুকলি কৰিব। পৰিষদে চলিত বৰ্ষত ভাৰতত সংস্থাৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছে। উল্লেখযোগ্য যে ভাৰত হৈছে পৃথিৱীৰ ভিতৰতেই চেনীৰ দ্বিতীয় সৰ্বাধিক উৎপাদনকাৰী দেশ। এই সংস্থাৰ অধিনস্থ প্রায় ৮৫ খন সদস্য ৰাষ্ট্ৰই পৃথিৱীত মুঠ চেনীৰ প্ৰায় ৯০ শতাংশ উৎপাদন কৰে।
Assamese | June 25, 2024 12:45 PM | ISO council
নতুন দিল্লীত আজি আন্তঃৰাষ্ট্ৰীয় চেনী সংস্থা পৰিষদৰ ৬৪ সংখ্যক বৈঠক