February 14, 2025 12:33 PM | ISL

printer

আই এছ এল ফুটবল প্রতিযোগিতাৰ এখন খেলত নর্থ ইষ্ট ইউনাইটেড ক্লাৱৰ হাতত জামছেদপুৰ ক্লাৱ ২-০ গলত পৰাস্ত

নর্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাৱে কালি জামছেদপুৰত অনুষ্ঠিত আই এছ এল ফুটবল প্রতিযোগিতাৰ এখন খেলত জামছেদপুৰ ফুটবল ক্লাৱক ২-০ গলত পৰাস্ত কৰে। নৰ্থ ইষ্ট ইউনাইটেডে আই এছ এল ফুটবল প্রতিযোগিতাৰ ইতিহাসত দুয়োটা দলৰ মাজত হোৱা ৬ খন খেলৰ ভিতৰত এইবাৰ প্ৰথমবাৰৰ বাবে জয়লাভ কৰিছে। নৰ্থ ইষ্ট ইউনাইটেড এতিয়া ২১ ফেব্ৰুৱাৰীত শ্বিলঙত হ‘বলগীয়া এখন খেলত বেংগালুৰু ফুটবল ক্লাৱৰ সন্মুখীন হ‘ব।
ইপিনে, প্রতিযোগিতাত আজি ভূৱনেশ্বৰত হ‘বলগীয়া এখন খেলত ওড়িশা ফণ্টিয়াৰ ক্লাৱ হায়দাবাদ ফ্লণ্টিয়াৰ ক্লাৱৰ বিৰুদ্ধে অৱতীৰ্ণ হ‘ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।