ইণ্ডিয়ান ছুপাৰ লীগৰ গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত পঞ্জাৱ এফ চি আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ মাজৰ খেলখন ১-১ গ’লত অমীমাংসিত হৈ ৰয়। নর্থ ইষ্টে খেলখনৰ ২৪ মিনিটত আলাএদ্দিন আজাৰাইৰ জৰিয়তে দিয়া গ’লটোৰে অগ্রগতি লাভ কৰিছিল যদিও যদিও পঞ্জাবৰ খাইমিন্থাং লুংডিমে ৮২ মিনিটত দিয়া গ’লটোৰে সমতা স্থাপন কৰিবলৈ সক্ষম হয়। আনহাতে আজি সন্ধিয়া চাৰে সাত বজাত গুৱাহাটীত হ’বলগীয়া এখন খেলত ইষ্ট বেংগলৰ বিৰুদ্ধে মোহন বাগান আৰু সন্ধিয়া ৫ বজাত বেংগালুৰুত মহম্মদন এছ চিৰ বিৰুদ্ধে বেংগালুৰু এফ চি অৱতীৰ্ণ হ’ব।
Assamese | January 11, 2025 12:16 PM | isl guwahati match
ইণ্ডিয়ান ছুপাৰ লীগৰ গুৱাহাটীত অনুষ্ঠিত পঞ্জাৱ এফ চি আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ খেল ১-১ গ’লত ড্ৰ’