ইণ্ডিয়ান প্রীমিয়াৰ লীগ, আই পি এল ক্রিকেট প্রতিযোগিতাৰ ২০২৫ বৰ্ষৰ সংস্কৰণৰ বাবে অহা ২৪ আৰু ২৫ নৱেম্বৰত চৌডি আৰবত নীলাম প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আয়ে কালি এই কথা সদৰি কৰে। এইবাৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে আই পি এলৰ নীলাম বিদেশত অনুষ্ঠিত হ’ব। ২০২৪ বৰ্ষৰ আই পি এলৰ নীলাম ডুবাইত অনুষ্ঠিত হৈছিল। এইবাৰ এহেজাৰ ১৬৫ গৰাকী ভাৰতীয় আৰু ৪০৯ গৰাকী বিদেশী খেলুৱৈ সহ মুঠ এহেজাৰ ৫৭৪ গৰাকী খেলুৱৈয়ে নীলামৰ বাবে সন্মতি প্ৰকাশ কৰিছে। প্ৰতিটো দলত ৰিটেন কৰা খেলুৱৈ সহ সৰ্বাধিক ২৫ গৰাকী খেলুৱৈক চুক্তিবদ্ধ কৰিব পৰা যাব। নীলামৰ বাবে মুঠ ২০৪টা শট উপলব্ধ হ’ব।
Assamese | November 7, 2024 1:46 PM | IPL Cricket
অহা ২৪ আৰু ২৫ নৱেম্বৰত আই পি এলৰ ২০২৫ বৰ্ষৰ নীলাম প্ৰক্ৰিয়া