আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৭ উইকেট পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে ১৫ অভাৰ আৰু চাৰিটা বলত তিনিটা উইকেট হেৰুৱাই ১৪৪ ৰানৰ বিজয় লক্ষ্য অতিক্ৰম কৰে। ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দৰাবাদে প্রথম বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট বিনিময়ত ১৪৩ ৰান কৰে। মুম্বাই ইণ্ডিয়ানছৰ হৈ ট্ৰেণ্ট বল্টে চাৰিটা উইকেট দখল কৰে। বল্টক প্লেয়াৰ অব দা মেচ হিচাপে গণ্য কৰা হয়। প্ৰতিযোগিতাত আজি বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব।
Assamese | April 24, 2025 10:22 AM | IPL 2025 Mumbai Indians beat Sunrisers Hyderabad by 7 wickets
আই পি এল ক্রিকেট প্রতিযোগিতাত ছানৰাইজাৰ্ছ হায়দৰাবাদক ৭ উইকেট পৰাস্ত মুম্বাই ইণ্ডিয়ানছৰ