আই পি এল ক্রিকেট প্রতিযোগিতাত আজি চেন্নাই এম এ চিদাম্বৰম ষ্টেডিয়ামত হ’বলগীয়া খেলত চেন্নাই ছুপাৰ কিংছ, কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব। ইফালে, যোৱা নিশা লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একানা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে গুজৰাট টাইটানছক ৩৩ ৰানত পৰাজিত কৰে। গুজৰাট টাইটানছে ১৬৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ ৫টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৩০ ৰান কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ ছাই সুদৰ্শনে ৩১ ৰান কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ য়শ ঠাকুৰে ৫টা উইকেট দখল কৰাৰ বিপৰীতে ক্রুনাল পাণ্ডিয়াই ৩টা উইকেট লাভ কৰে। য়শ ঠাকুৰক প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে লক্ষ্ণৌয়ে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লয়। দলটোৰ হৈ মাৰ্কাছ ষ্টয়নিছে ৫৮ ৰান কৰে। ইপিনে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত মুম্বাই ইণ্ডিয়ানছে দেলহী কেপিটেলছক ২৯ ৰানত পৰাস্ত কৰে৷ দেলহীয়ে ২৩৫ ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ২০৫ ৰানহে কৰিবলৈ সমৰ্থ হয়।
Assamese | April 8, 2024 11:20 AM | IPL 2024
আই পি এল ক্রিকেটত আজি চেন্নাই ছুপাৰ কিংছ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ