আই পি এল ক্রিকেট প্রতিযোগিতাত আজি কলকাতাৰ ইডেন গার্ডেনছত হ’বলগীয়া এখন খেলত পাঞ্জাব কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব। ইপিনে, যোৱানিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুই ছানৰাইজাৰ্ছ হায়দৰাবাদক ৩৫ ৰানত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদে ২০৭ ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৭১ ৰানহে কৰিবলৈ সমৰ্থ হয়। হায়দৰাবাদৰ হৈ শ্বাহবাজ আহমেদে সৰ্বাধিক ৪০ ৰান কৰি অপৰাজিত হৈ ৰয়। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ কেমৰুন গ্ৰীন, কৰ্ণ শৰ্মা আৰু স্বপ্নীল সিঙে দুটাকৈ উইকেট দখল কৰে। যশ দয়াল আৰু উইল জেকছে এটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত ২০৬ ৰান কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ বিৰাট কোহলীয়ে ৫১, ৰজত পাটিদাৰে ৫০ আৰু কেমৰুন গ্রীনে অপৰাজিত ৩৭ ৰান কৰে। ৰজত পাটিদাৰক প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয়। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ জয়দেৱ উনাড়কাটে তিনিটা, টি নটৰাজনে দুটা আৰু ময়ং মাৰকণ্ডে আৰু পেট কামিন্সে এটাকৈ উইকেট লাভ কৰে।
Assamese | April 26, 2024 6:55 PM | IPL 2024
আইপিএল ক্রিকেটত ছানৰাইজাৰ্ছ হায়দৰাবাদক ৩৫ ৰানত পৰাস্ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ, আজিৰ খেলত অৱতীৰ্ণ হ’ব পাঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ