ৰাজস্থান ৰয়েলছ কাইলৈ চেন্নাইৰ এম এ চিডাম্বৰৰ্ম ষ্টেডিয়ামত হ’বলগীয়া আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব। এই খেলখনত জয়লাভ কৰা দলটোৱে দেওবাৰে ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ’ব। ৰাজস্থান ৰয়েলছে যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখনত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুক চাৰি উইকেটত পৰাস্ত কৰে।
Assamese | May 23, 2024 8:42 PM | IPL 2024
আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম ৰাজস্থান ৰয়েলছ