ভাৰতীয় নৌসেনাৰ জাহাজ টামাল আৰু চুৰাট চৌদি আৰৱৰ জেড্ডাত উপস্থিত হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে এই ভ্রমণে ভাৰত আৰু চৌদি আৰৱৰ প্ৰতিৰক্ষা সহযোগিতা আৰু বন্ধুত্বপূর্ণ সম্পর্ক উন্নত কৰাৰ লগতে দুয়োপক্ষই নৌসেনাৰ উত্তম পদ্ধতিসমূহ অন্বেষণ কৰাৰ সুযোগ প্ৰদান কৰিব। মন্ত্ৰালয়ে লগতে ভাৰতে চৌদি আৰৱৰ সৈতে সাংস্কৃতিক বিনিময় কৰাৰ ক্ষেত্ৰত আগভাগ ল’ব বুলিও সদৰি কৰে। উল্লেখযোগ্য যে টামাল হৈছে ভাৰতীয় নৌসেনা জাহাজৰ তলৰাৰ ক্লাছ ষ্টীল্থ ফ্রিগেটছৰ অষ্টমখন জাহাজ আৰু চুৰাট হৈছে ভাৰতীয় নৌসেনাৰ দেশীয়ভাৱে শেহতীয়াকৈ নির্মিত গাইডেড মিছাইল ধ্বংসকাৰী জাহাজ।
Assamese | August 29, 2025 8:26 PM | INS
ভাৰতীয় নৌসেনাৰ জাহাজ টামাল আৰু চুৰাট চৌদি আৰৱৰ জেড্ডাত উপস্থিত