ইন্দোনেছিয়াত আজি মাউণ্ট লেব’ট’বি লাকি লাকি আগ্নেয়গিৰি তিনিবাৰকৈ উদগীৰণ হয়। উদগীৰণৰ ফলত ৮ হেজাৰ ২০০ মিটাৰ ওপৰলৈকে ধোঁৱা আৰু ছাঁই বিয়পি পৰা পৰিলক্ষিত হয়। প্রশাসনে আগ্নেয়গিৰিৰ চৌপাশে বিপজ্জনক এলেকাৰ পৰিসৰ বৃদ্ধি কৰিছে। আগ্নেয়গিৰিটো থকা ইষ্ট নুছা টেংগাৰা প্রভিন্সৰ ফ্ল’ৰছ দ্বীপত যোৱা ৭টা দিনট শতাধিক ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাৰ লগতে ঘনাই আগ্নেয়গিৰিৰ উদ্গীৰণ হোৱা পৰিলক্ষিত হৈছে। যোৱা বছৰ এই আগ্নেয়গিৰি উদগীৰণৰ ফলত ৯ জন লোক নিহত হোৱাৰ লগতে ভালেসংখ্যক লোক আগত হৈছে।
Assamese | March 21, 2025 6:38 PM | indonasia
ইন্দোনেছিয়াত আজি মাউণ্ট লেব’ট’বি লাকি লাকি আগ্নেয়গিৰি তিনিবাৰকৈ উদগীৰণ