প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে, যে দেশ আত্মনিৰ্ভৰশীল হোৱাৰ দিশত ইতিমধ্যে অগ্ৰসৰ হৈছে। আত্মনিৰ্ভৰ ভাৰত অভিযান আৰু ইয়াৰ প্ৰভাৱক বিশ্ব পৰ্যায়ৰ বুলি মন্তব্য কৰি শ্ৰীমোদীয়ে চৰকাৰে এই সন্দৰ্ভত সামগ্ৰিক প্ৰচেষ্টাৰে আগবাঢ়িছে বুলিও লগতে কয়। আজি উদ্বোধন কৰে। আজি ৰাজস্থানৰ জয়পুৰৰ প্ৰদৰ্শনী আৰু অভিৱৰ্তন কেন্দ্ৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীর্ষ সন্মিলন – ২০২৪ উদ্বোধন কৰি শ্ৰী মোদীয়ে কয়, যে বর্তমান দেশৰ প্ৰতিটো খণ্ডত সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰৰ মন্ত্ৰ অনুসৰণ কৰাৰ ফলত উল্লেখনীয় প্ৰগতি দেখিবলৈ পোৱা গৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশেষজ্ঞ আৰু বিনিয়োগকাৰীসকল আমাৰ দেশক লৈ বিশেষভাৱে উৎসাহী হৈ পৰা বুলিও শ্ৰী মোদীয়ে মন্তব্য কৰে। তেওঁ কয় যে বৰ্তমানৰ শতিকা প্রযুক্তি আৰু তথ্য চালিত আৰু ভাৰতে গণতন্ত্র, জনগাঁথনি আৰু তথ্যৰ প্ৰকৃত শক্তি বিশ্বৰ সন্মুখত প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। দেশলৈ অহা পৰ্য্যটকৰ সংখ্যা ক্রমান্বয়ে বৃদ্ধি পাই অহা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে থলুৱা পৰ্যটনে নিৰন্তৰ নতুন অভিলেখ গঢ়ি থকা বুলিও মন্তব্য কৰে। দেশৰ অৰ্থনীতিক সৱল কৰি তোলাৰ ক্ষেত্ৰত ক্ষুদ্ৰ, মজলীয়া আৰু লঘু উদ্যোগসমূহে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে বুলিও তেওঁ লগতে কয়। চৰকাৰে বিভিন্ন নীতি আৰু আঁচনিৰ জৰিয়তে এই ক্ষুদ্র, মজলীয়া আৰু লঘু উদ্যোগসমূহক সৰ্বতোপ্ৰকাৰে সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত কাম কৰি আহিছে বুলিও শ্রীমোদীয়ে উল্লেখ কৰে।
Assamese | December 9, 2024 9:11 PM | demography | digital data & delivery says PM Modi | India’s success reflects power of democracy
দেশ আত্মনিৰ্ভৰশীল হোৱাৰ দিশত ইতিমধ্যে অগ্ৰসৰ হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী