এথেনচত কালি অনুষ্ঠিত ১৭ বছৰ অনুৰ্ধ বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপ ২০২৫ত ভাৰতীয় মহিলা মল্লযুঁজাৰুসকলে দুটা সোণ, দুটা ৰূপ, আৰু এটা ব্ৰঞ্জসহ মুঠ পাঁচটা পদক লাভ কৰে । ভাৰতৰ হৈ ৰাচানাই চীনৰ ছিন হুয়াঙৰ বিৰুদ্ধে মহিলাৰ ৪৩ কেজি ফ্ৰীষ্টাইল শাখাত ৩- ০ফলাফলেৰে প্ৰথমটো সোণৰ পদক লাভ কৰে। অশ্বিনি বিষ্ণোইয়ে ৬৫ কেজি শাখাত উজবেকিস্তানৰ মুখায়ো ৰাখিমজোনোভাক ৩-০ ফলাফলত পৰাস্ত কৰি দ্বিতীয়টো সোণৰ পদক লাভ কৰ। ৫৭ কেজি শাখাত কাজাখাস্তানৰ মাডখিয়া উছমানোভাৰ হাতত ৫-৬ ফলাফলত পৰাজয়বৰণ কৰাৰ ফলত মনিয়ে ৰূপৰ পদকতে সন্তুষ্ট হ’বলগীয়া হয়। ভাৰতৰ হৈ ৭৩ কেজিৰ ফাইনেলত শক্তিশালী যুঁজ দি চীনৰ ৱেনজিন কিউৰ হাতত পৰাস্ত হোৱা কাজলে দ্বিতীয়টো ৰূপৰ পদক লাভ কৰে। ৪৯ কেজি শাখাত কোমল ভার্মাই আনহেলিনা বুর্কিনাক ৮-৩ ফলাফলত পৰাস্ত কৰি ব্ৰঞ্জৰ
পদক লাভ কৰে ৷
Assamese | August 1, 2025 11:20 AM | Indian Wrestling
বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপ ২০২৫ত ভাৰতীয় মহিলা মল্লযুঁজাৰুসকলৰ পাঁচটা পদক লাভ