টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ খিতাপ বিজয়ী ভাৰতীয় দলটো দিল্লীত উপস্থিত হৈছে। ভাৰতীয় দলটোক আদৰণী জনোৱাৰ বাবে ক্রিকেট অনুৰাগীসকলে দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ভিৰ কৰা পৰিলক্ষিত হয়। ভাৰতীয় দলটো বেৰিল ঘূৰ্ণী বতাহৰ বাবে টি-টুৱেন্টি বিশ্বকাপৰ ফাইনেল খেল অনুষ্ঠিত বাৰবাডোছত আৱদ্ধ হৈ আছিল। ভাৰতীয় দলটোৱে মুম্বাইলৈ ৰাওনা হোৱাৰ পূৰ্বে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰিব। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ সচিব জয় শ্বাহে কৈছে যে, বিজয়ী দলটোৱে আজি বিয়লি মুম্বাইত বাছ ৰোড শ্ব‘ত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতে বাংখেড়ে ষ্টেডিয়ামত আয়োজিত সম্বর্ধনা অনুষ্ঠানত ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে বিজয়ী দলটোক পুৰষ্কাৰ ৰাশি প্ৰদান কৰিব।
Assamese | July 4, 2024 1:23 PM | Indian Cricket Team
বিশ্বকাপ বিজয়ী ভাৰতীয় ক্রিকেট দলটো দিল্লীত উপস্থিত