অহা বছৰৰ আৰম্ভণিতে দেশত প্ৰথমবাৰৰ বাবে বিশ্বকাপ খো খো প্রতিযোগিতা অনুষ্ঠিত হ’ব। ১৩ৰ পৰা ১৯ জানুৱাৰীলৈ নতুন দিল্লীৰ আই জি আই ষ্টেডিয়ামত হ’বলগীয়া প্ৰতিযোগিতাখনৰ সফল আয়োজনৰ বাবে ভাৰতীয় অলিম্পিক সন্থাই ভাৰতীয় খো খো ফেডাৰেচনক সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতিৰে অংশীদাৰিত্বৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। উল্লেখযোগ্য যে, এই প্রতিযোগিতাত ৬খন মহাদেশৰ ২৪খন দেশৰ পুৰুষ আৰু মহিলা দলে অংশগ্রহণ কৰিব। আয়োজক ভাৰত, বাংলাদেশ, পাকিস্তান, শ্রীলংকাকে ধৰি এছিয়া দলসমূহে আফ্রিকা, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা আৰু ওচেনিয়াৰ দলৰ মুখামুখি হ’ব।
Assamese | November 25, 2024 12:01 PM | india worldcup kho kho
দেশত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব বিশ্বকাপ খো খো প্রতিযোগিতা