September 15, 2025 12:54 PM | India Women Hockey Asia Cup

printer

হাংজৌত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ ৰূপৰ পদক জয়

হাংজৌত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতে সুন্দৰ প্ৰদৰ্শনেৰে ৰূপৰ পদক জয় কৰিছে। আয়োজক চীনৰ বিৰুদ্ধে কালি ফাইনেলত ১-৪ গ’লৰ ব্যৱধানত পৰাস্ত হ’লেও ভাৰতীয় দলটোৰ ৰূপৰ পদক অৰ্জনৰ এই যাত্ৰাই খেলুৱৈসকলৰ সংকল্প, সহযোগিতা আৰু প্ৰচেষ্টাকে প্ৰতিফলিত কৰিলে। ভাৰতে খেলখনৰ আৰম্ভণিতে নৱনীত ক’ৰৰ পেনাল্টী কর্ণাৰৰ জৰিয়তে সুন্দৰ অগ্ৰগতি লাভ কৰে যদিও খেলখনৰ ২১ মিনিটত চীনে অধিনায়ক ঔ জিজিয়াৰ গ’লৰ সহায়ত সমতা স্থাপন কৰে। খেলখনৰ দ্বিতীয়ার্ধত ভাৰতৰ সকলো চেষ্টা ব্যর্থ কৰি চীনে পুনৰ তিনিটা গ’লেৰে জয় সুনিশ্চিত কৰে।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় দলক এই জয়ৰ বাবে অভিনন্দন জনাইছে। সমাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে দলটোৰ প্ৰদৰ্শনৰ প্ৰশংসা কৰে। তেওঁ লগতে ভাৰতীয় মহিলা হকী দলে দেশক গৌৰৱান্বিত কৰিলে বুলি উল্লেখ কৰে।