মহিলাৰ টি-২০ এছিয়া কাপৰ গ্ৰুপ এৰ অন্তিমখন খেলত আজি ভাৰত-পাকিস্তান

মহিলাৰ টি-২০ এছিয়া কাপৰ গ্ৰুপ এৰ অন্তিমখন খেলত ভাৰত আজি পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ’বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ’ব।

পূৰ্বৰ দুখন খেলত থাইলেণ্ড আৰু হংকঙৰ বিৰুদ্ধে জয় লাভ কৰি ভাৰতে ইতিমধ্যে ছেমি ফাইনেলত স্থান দখল কৰিছে।

যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত প্রতিয়োগিতাত সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰই ইণ্ডোনেছিয়াক ৬ উইকেটত পৰাস্ত কৰে। ইণ্ডোনেছিয়াৰ ৭১ ৰানৰ প্ৰত্যুত্তৰত আৰব আমিৰি ৰাষ্ট্ৰই ১৩ অভাৰ এটা বলত চাৰি উইকেটৰ বিনিময়ত ৭৫ ৰান কৰি বিজয় সাব্যস্ত কৰে।