বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘটিত সন্ত্রাসবাদী আক্রমণৰ পৰা সন্ত্ৰাসবাদৰ গোলকীয় কেন্দ্ৰ হিচাপে পাকিস্তানৰ স্বৰূপ প্ৰকাশ পাইছে বুলি বিদেশ সচিব বিক্রম মিশ্রিয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি বিয়লি সিন্দূৰ অভিযান সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীমিশ্রিয়ে কয়, যে পেহেলগামত যোৱা ২২ এপ্ৰিলত সংঘটিত সন্ত্রাসবাদী আক্রমণ প্রকৃত অৰ্থত উত্তেজনা বৃদ্ধিৰ প্ৰয়াস আছিল আৰু ভাৰতে ইয়াৰ প্ৰত্যুত্তৰহে দিছে। তেওঁ কয়, যে উত্তেজনা বৃদ্ধি ভাৰতৰ কাম্য নহয় আৰু ভাৰতে পাকিস্তানত থকা সন্ত্রাসবাদী ঘাটিসমূহক লক্ষ্য কৰিহে আক্রমণ চলাইছে। বিদেশ সচিবগৰাকীয়ে কয়, যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ পেহেলগাম আক্রমণ সন্দৰ্ভত আলোচনা চলি থকাৰ সময়ত পাকিস্তানে প্ৰেছ বিবৃতিত দি ৰেজিষ্টেনছ ফ্ৰণ্ট টি আৰ এফৰ নাম উল্লেখ কৰাৰ বিৰোধিতা কৰিছিল। টি আৰ এফে পেহেলগাম আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰাৰ পিছতো পাকিস্তানে এনে কৰি নিজৰ স্বৰূপ উদঙাই দিছে।
Assamese | May 9, 2025 12:33 PM | India reiterates Pakistan’s reputation as centre of global terrorism
বিশ্বৰ ভিন্ন প্ৰান্তত সংঘটিত সন্ত্রাসবাদী আক্রমণৰ পৰা সন্ত্ৰাসবাদৰ গোলকীয় কেন্দ্ৰ হিচাপে পাকিস্তানৰ স্বৰূপ প্ৰকাশঃ বিদেশ সচিব বিক্রম মিশ্রি