প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত ভ্ৰমণৰত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টফাৰ লাক্সনে কালি নতুন দিল্লীৰ ৰকবগঞ্জৰ গুৰুদ্ধাৰত প্ৰাৰ্থনা কৰে। ইয়াৰ আগেয়ে কালি উভয় দেশৰ মাজত প্ৰতিৰক্ষা, শিক্ষা, ক্রীড়া, উদ্যানশস্য আৰু বনাঞ্চল বিষয়ক ৫ খন চুক্তি স্বাক্ষৰিত হয়। দুয়োখন দেশে অর্থনৈতিক ব্যৱস্থাৰ পাৰস্পৰিক গ্রহণযোগ্যতাৰ চুক্তিও স্বাক্ষৰ কৰে। দুয়ো পক্ষই মুক্ত বাণিজ্য চুক্তি আলোচনা আৰু পেচাদাৰী তথা দক্ষ শ্রমিকৰ গতিশীলতাৰ বাবে সহজলভ্য ব্যৱস্থাপনাৰ বিষয়ে আলোচনা কৰাৰ কথাও ঘোষণা কৰে। ইয়াৰ লগতে দুয়োখন দেশৰ মাজত পাৰস্পৰিকভাৱে লাভজনক মুক্ত বাণিজ্য চুক্তিৰ আলোচনা আৰম্ভ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়। উভয় দেশৰ মাজত ক্রীড়া বিজ্ঞান, মনোবিজ্ঞান, চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত সহযোগিতাৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়।
Assamese | March 18, 2025 12:50 PM | India newzeland
ভাৰত আৰু নিউজিলেণ্ডৰ মাজত প্ৰতিৰক্ষা, শিক্ষা, ক্রীড়া, উদ্যানশস্য আৰু বনাঞ্চল বিষয়ক ৫ খন চুক্তি স্বাক্ষৰিত