ভাৰত আৰু নিউজিলেণ্ডৰ মাজত বিভিন্ন ক্ষেত্ৰত সম্বন্ধ ক্ৰমাৎ শক্তিশালী হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি নিউজিলেণ্ডৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্রী উইনষ্টন পিটাৰ্ছৰ সৈতে হোৱা বৈঠকত ড° জয়শংকৰে এই কথা প্ৰকাশ কৰে। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লক্সনৰ শেহতীয়া ভাৰত ভ্ৰমণৰ সাফল্যৰ বিষয়ে আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে এই ভ্ৰমণকালত দুয়োখন দেশে মুক্ত বাণিজ্য চুক্তি সন্দৰ্ভত আলোচনা কৰে আৰু কেইবাখনো চুক্তিত স্বাক্ষৰ কৰে। তেওঁ কয়, যে উভয় দেশে সম্প্রতি সেই ভ্রমণ কালত যুগুতাই উলিওৱা লক্ষ্যসমূহ পূৰণ কৰাত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ পূৰ্বে শ্রীপিটাৰ্ছ কালি দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়।
Assamese | May 30, 2025 10:18 AM | India-New Zealand ties expanding across sectors- EAM Jaishankar
ভাৰত-নিউজিলেণ্ডৰ মাজত বিভিন্ন ক্ষেত্ৰত সম্বন্ধ ক্ৰমাৎ শক্তিশালী হৈছেঃ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ