ভাৰত আৰু হণ্ডুৰাছৰ মাজত বিগত তিনিটা দশকত অর্থনৈতিক সম্পর্ক ক্রমাৎ বৃদ্ধি পাইছে আৰু দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য ৩০ কোটি ডলাৰৰো অধিক হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। দিল্লীত কালি হণ্ডুৰাছৰ বিদেশ মন্ত্ৰী এডুৱার্দো এনৰিক ৰেইনা গাৰ্ছিয়াৰ সৈতে যৌথভাৱে দেশখনৰ দূতাবাস মুকলি কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ লগতে পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পাছত সমবেদনা প্রকাশ কৰি জাৰি কৰা বিবৃতিৰ বাবে হণ্ডুৰাছৰ শলাগ লয়। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত হণ্ডুৰাছৰ দূতাবাস মুকলি কৰা কাৰ্যই বাণিজ্যিক প্ৰসাৰৰ পথ প্ৰশস্ত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Assamese | May 16, 2025 11:39 AM | India-Honduras Trade Crosses $300 Million Mark EAM S Jaishankar
ভাৰত আৰু হণ্ডুৰাছৰ মাজত বিগত তিনিটা দশকত অর্থনৈতিক সম্পর্ক ক্রমাৎ বৃদ্ধি পাইছেঃ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ