ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ’ গুটেৰেছে সীমান্তত উত্তেজনা হ্ৰাস কৰাৰ বাবে ভাৰত আৰু চীনৰ মাজৰ সীমান্ত এলেকাত তহল ব্যৱস্থা সন্দৰ্ভত অলপতে চুক্তি সম্পাদিত হোৱাৰ পাছত দেশ দুখনৰ মাজত ভাল প্রতিবেশীৰ সম্পৰ্ক অধিক শক্তিশালী হ’ব বুলি আশা প্রকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ দৈনিক প্ৰেছ বিবৃতিৰ সময়ত শ্রীগুটেৰেছে দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক উন্নত কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি যিকোনো ইতিবাচক পৰিৱৰ্তনৰ প্ৰতি আদৰণি জনায়। শ্ৰীগুটেৰেছে ব্ৰিকছ শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ কথা আছে। ইয়াৰ পূৰ্বে ভাৰতৰ বিদেশ সচিব বিক্রম মিশ্রীয়ে সোমবাৰে ভাৰত-চীন সীমান্ত এলেকাৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ তহল ব্যৱস্থা সন্দৰ্ভত দুয়োখন দেশ এখন চুক্তিত উপনীত হোৱা বুলি ঘোষণা কৰিছিল। ২০২০ চনত এই এলেকাসমূহত উদ্ভৱ হোৱা বিষয়সমূহৰ সমাধান আৰু সীমান্তৰ পৰা সৈন্য প্রত্যাহাৰ প্ৰক্ৰিয়া সূচল কৰি তোলাই এই চুক্তিৰ মূল উদ্দেশ্য। চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্র লিন শ্বিয়ানে চীনে এই চুক্তিৰ সমৰ্থন কৰে বুলি নিশ্চিত কৰিছে।
Assamese | October 23, 2024 11:33 AM | Guterres India-china
ভাৰত-চীনৰ মাজত ভাল প্রতিবেশীৰ সম্পৰ্ক অধিক শক্তিশালী হ’ব বুলি আশা প্রকাশ এণ্টনিঅ’ গুটেৰেছৰ