সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে ইণ্ডি মিত্ৰজোঁটৰ বিবাদ আৰু বিভাজন নিশ্চিত বুলি বিজেপিয়ে আজি বিৰোধী দলক তীব্র সমালোচনা কৰে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ মুখপাত্র সুধাংশু ত্রিবেদী কয়, যে আম আদমী পাৰ্টীয়ে বিৰোধী মিত্ৰজোঁটত অন্তৰ্ভুক্ত হৈ থকা নাই বুলি ইতিমধ্যে ঘোষণা কৰিছে। শ্রী ত্রিবেদীয়ে বিৰোধীসকলক সমাগত সংসদৰ বৰ্ষাকালীন অধিৱেশনত ইতিবাচক, ফলপ্ৰসূ আৰু গঠনমূলকভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। মুখপাত্ৰগৰাকীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সামাজিক মাধ্যমত দিয়া পোষ্টৰ বাবেও সমালোচনা কৰে। ৰাহুল গান্ধীয়ে তেওঁৰ পৰিয়ালক ৰক্ষা কৰিবলৈ নিজৰ পদৰ অপব্যৱহাৰ কৰিছে বুলিও শ্রী ত্রিবেদীয়ে অভিযোগ উত্থাপন কৰে ।
Assamese | July 19, 2025 10:06 PM | india bjp
সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে ইণ্ডি মিত্ৰজোঁটৰ বিবাদ আৰু বিভাজন নিশ্চিতঃ বিজেপি