ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ পঞ্চম তথা অন্তিমখন টেষ্ট আজি অ’ভেলত আৰম্ভ হ’ব। অ’ল্ড ট্ৰেফ’ৰ্ডত অনুষ্ঠিত চতুৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছত দৃঢ়তাপূৰ্ণ বেটিঙেৰে খেলখন ড্ৰ’ কৰিবলৈ সমৰ্থ হোৱাৰ পিছত ভাৰতৰ মনোবল উন্নত হৈ আছে। এণ্ডাৰ্ছন-টেণ্ডুলকাৰ শৃংখলাত এতিয়ালৈকে ইংলেণ্ডে ২-১ ৰ অগ্ৰগতি লাভ কৰি আছে। পঞ্চম টেষ্টৰ বাবে ভাৰতীয় দলত আঘাতপ্রাপ্ত ঋষভ পণ্টৰ ঠাইত ধ্ৰুৱ জুৰেলক অন্তৰ্ভুক্ত কৰা হৈছে। কুলদীপ যাদৱকো মূল একাদশত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে। আনহাতে, ইংলেণ্ডৰ অধিনায়ক বেন ষ্টোকছে আঘাতৰ বাবে পঞ্চম টেষ্টত অংশগ্ৰহণ কৰিব নোৱাৰিব। তেওঁৰ ঠাইত অ’লি পোপে ইংলেণ্ড দলটোৰ নেতৃত্ব দিব।
Assamese | July 31, 2025 9:46 AM | ind eng test
অ’ভেলত আজি ভাৰত-ইংলেণ্ডৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ পঞ্চম টেষ্ট