আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি (IMF)ৰ এটা প্ৰতিনিধি দলে IMFৰ চলিত কাৰ্যসূচীৰ অগ্ৰগতি সন্দৰ্ভত পর্যালোচনাৰ বাবে শ্রীলংকাৰ বিষয়াসকলক সাক্ষাৎ কৰিছে। দুয়োপক্ষই ২.৯ বিলিয়ন ডলাৰৰ বিত্তীয় পেকেজৰ চতুৰ্থ কিস্তি মুকলি কৰাৰ বাবে প্রয়োজনীয় ব্যৱস্থা আদিকে ধৰি এতিয়ালৈ হোৱা কাম-কাজ তথা আগলৈ ল’বলগীয়া পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে৷ IMFৰপ্ৰতিনিধি দলটোৱে শ্ৰীলংকাত বৰ্তমান চৰকাৰৰ অধীনত দেশখনৰ অৰ্থনৈতিক দৃষ্টিভংগীত ইতিবাচক প্ৰভাৱ পেলোৱা গুৰুত্বপূৰ্ণ সংস্কাৰসমূহৰ প্ৰশংসা কৰে। ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কে যোৱা মাহত তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত সঘনাই অভিযোগ কৰিছিল যে, পূৰ্বৰ প্ৰশাসনৰ সময়ছোৱাত স্বাক্ষৰিত চুক্তিৰ পৰিণতিত দৰিদ্ৰ লোকসকলৰ ওপৰত যথেষ্ট বোজা বৃদ্ধি পাইছে আৰু সেই বোজা হ্ৰাস কৰাৰ স্বাৰ্থত IMF চুক্তিক লৈ পুনৰ আলোচনা কৰাৰ বাবে তেওঁ আহ্বান জনাই আহিছিল। যোৱা বৰ্ষৰ মাৰ্চ মাহত, আইএমএফে শ্রীলংকাৰ বাবে ২.৯ বিলিয়ন ডলাৰৰ বিত্তীয় পেকেজৰ অনুমোদন জনাইছিল যি ধনৰাশি ৪৮ মাহৰ ম্যাদত বিতৰণ কৰা হ’ব। শেহতীয়াকৈ যোৱা জুন মাহত IMFএ পর্যালোচনাৰ অন্তত তৃতীয় কিস্তিৰ প্ৰায় ৩৩ কোটি ৬০ লাখ ডলাৰ মুকলি কৰি দিছিল ।
Assamese | October 3, 2024 12:21 PM | IMF Delegation Reviews Progress of Sri Lanka’s Economic Reforms
আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি (IMF)ৰ এটা প্ৰতিনিধি দলৰ শ্রীলংকাৰ বিষয়াক সাক্ষাৎ