ভাৰতৰ বতৰ বিজ্ঞান বিভাগে অহা চাৰিদিনলৈ মধ্য আৰু দক্ষিণ ভাৰতকে ধৰি দেশৰ বহু ঠাইত বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ বাবে য়েল্লো এলাৰ্ট জাৰি কৰিছে। আইএমডিয়ে কয় যে, দক্ষিণ-পশ্চিম মৌচুমী বতাহ মধ্য আৰৱ সাগৰ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেলেংগানা, উপকূলীয় অন্ধ্র প্রদেশ আৰু বংগোপসাগৰৰ বেছিভাগ অঞ্চললৈ অগ্ৰসৰ হৈছে । আইএমডিয়ে লগতে পূর্বানুমান কৰিছে যে দক্ষিণ-পশ্চিম মৌচুমী বতাহ অহা ৩-৪ দিনৰ ভিতৰত দক্ষিণ চত্তিশগড়, দক্ষিণ ওড়িশা আৰু বংগোপসাগৰৰ বাকী অংশতো প্ৰবেশ কৰিব। ইফালে দিল্লীত, আইএমডিয়ে অহা দুদিনলৈ ধূলিময় ধুমুহা আৰু বজ্ৰপাতৰ আশংকা প্রকাশ কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানীখনৰ সৰ্বোচ্চ উষ্ণতা আজি ৪৩ ডিগ্ৰী চেলছিয়াছৰ হোৱাৰ সম্ভাৱনা আছে।
Assamese | June 7, 2024 6:19 PM | IMD weather
অহা ৪ দিনলৈ মধ্য আৰু দক্ষিণ ভাৰতকে ধৰি দেশৰ বহু ঠাইত বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ আশংকা ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ