ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি চত্তিশগড়, মধ্য মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড আৰু কৰ্ণাটকৰ উপকূলীয় অঞ্চলত প্ৰবল বৃষ্টিপাতৰ আগলি বতৰা জাৰি কৰিছে। বিভাগে লগতে অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চল, পূব ৰাজস্থান, হিমাচল প্ৰদেশ, কৰ্ণাটকৰ অভ্যন্তৰীণ অংশ, কেৰালা, মাহে, গোৱা আদিতো ধাৰাষাৰ বৰষুণ হ’ব পাৰে বুলি জানিবলৈ দিছে। মধ্যপ্ৰদেশ, মাৰাঠৱাৰা, ওড়িশা, পশ্চিমবংগৰ উপ হিমালয় অংশ, তামিলনাড়ু, পুডুচেৰী, কৰাইকাল, তেলেংগানা আৰু বিদৰ্ভতো আজি প্ৰবল বৰষুণে স্বাভাৱিক জীৱনযাত্রা ব্যাহত কৰিব পাৰে বুলি বিভাগে আগলি বতৰা প্ৰকাশ কৰিছে। ইপিনে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, বিহাৰ, গুজৰাট, ঝাৰখণ্ড, লক্ষদ্বীপ, জম্মু-কাশ্মীৰ, লাডাখ, গিলগিট, বাল্টিস্তান, মুজাফ্ফৰাবাদ আদি অঞ্চলত ধুমুহা-বতাহৰ লগতে বজ্ৰপাতৰ আশংকা আছে বুলিও বিভাগে জানিবলৈ দিছে।
Assamese | August 28, 2025 12:13 PM | IMD Alert
চাৰিখন ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ