উৎকট গৰমৰ পাছত এতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰৱেশ ঘটিছে যাৰ প্ৰভাৱত অহা কিছুদিনলৈ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আঞ্চলিক বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰিছে। কোনো কোনো অঞ্চলত ধুমুহা, বতাহেৰে মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৫ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৬ ডিগ্রী ছেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্রদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্রই আগলি বতৰা দিছে।
Assamese | June 16, 2025 1:42 PM | Weather
অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি আঞ্চলিক বতৰ বিজ্ঞান বিভাগৰ প্রকাশ