ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণৰ আগলি বতৰা প্ৰকাশ কৰিছে। বিভাগে প্ৰকাশ কৰা অনুসৰি আজি অৰুণাচল প্ৰদেশ, পূব ৰাজস্থান, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, কেৰালা, মাহে, গোৱা, পঞ্জাৱ, উত্তৰাখণ্ড আদি অঞ্চলতো মুষলধাৰ বৰষুণ হ‘ব পাৰে। ইপিনে জম্মু-কাশ্মীৰ, লাডাখ, গিলগিট বাল্টিস্তান-মুজাফ্ফ্ফৰাবাদ, হিমাচল প্রদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড় আৰু দিল্লীৰ ঠাই বিশেষে আজি ধুমুহা-বৰষুণৰ লগতে বিজুলী-ঢেৰেকনিৰ আশংকা আছে বুলি বিভাগে প্ৰকাশ কৰিছে। অৱশ্যে পৰৱৰ্তী ৪৮ ঘণ্টা পর্যন্ত ওড়িশা, পশ্চিমবংগ, অন্ধ্রপ্রদেশ, য়ানাম, তামিলনাড়ু, পুডুচেৰী আৰু কাৰাইকালৰ অঞ্চল বিশেষে তাপমাত্রা বেছি হ‘ব পাৰে বুলিও বিভাগে জানিবলৈ দিছে।
Assamese | June 3, 2025 1:21 PM | IMD Alert
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণৰ আগলি বতৰা প্ৰকাশ