আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি ভাৰতে ছুপাৰ এইট পৰ্যায়ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ছেণ্ট লুছিয়াৰ ডানে ছাম্মী নেচনেল ক্রিকেট ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত খেলখন আৰম্ভ হ’ব। দুয়োটা দলৰ মাজত অনুষ্ঠিত পূৰ্বৰ ৩১ খন টি-২০ খেলত ভাৰতে ১৯ খনত আৰু অস্ট্রেলিয়াই ১১ খনত জয়লাভ কৰাৰ বিপৰীতে এখন খেল অমিমাংসিত হৈ ৰয় । ইফালে, এণ্টিগুৱাৰ ছাৰ ভিভিয়ান ৰিচাৰ্ডছ ষ্টেডিয়ামত আজি পুৱা অনুষ্ঠিত এখন খেলত ৱেষ্ট ইণ্ডিজক তিনি উইকেটত পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাই ছেমি ফাইনেলত প্রবেশ কৰে। ৱেষ্ট ইণ্ডিজে ১৭ অভাৰত ৮টা উইকেট হেৰুৱাই ১৩৫ ৰান কৰে। বৰ্ষাবিঘ্নিত খেলখনত দক্ষিণ আফ্রিকাই ১৭ অভাৰত সংশোধিত ১২৩ ৰাণৰ বিজয় লক্ষ্যত উপনীত হয়।
Assamese | June 24, 2024 6:20 PM | ICC T-20
আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰত আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ