আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি বাৰবাডোছৰ ব্ৰিছটাউনত হ’বলগীয়া ছুপাৰ এইট পৰ্যায়ৰ খেলত ভাৰত আফগানিস্তানৰ মুখামুখি হ’ব। খেলখন খন্তেক পিছতে আৰম্ভ হ’ব। ইপিনে, ভাৰতীয় সময় অনুসৰি আজি পুৱা ছেইণ্ট লুছিয়াত অনুষ্ঠিত ছুপাৰ এইট পর্যায়ৰ খেলত ইংলেণ্ডে ৱেষ্ট ইণ্ডিজক ৮ উইকেটত পৰাস্ত কৰে। টছত জিকি ইংলেণ্ডে ৱেষ্ট ইণ্ডিজক প্রথমে বেট ধৰাৰ বাবে আমন্ত্রণ জনায়। ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত ২০ অ’ভাৰত ৪টা উইকেটৰ বিনিময়ত ১৮০ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ ফিল’ ছল্টক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়।
Assamese | June 20, 2024 7:54 PM | ICC T-20
আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি ভাৰত আফগানিস্তানৰ মুখামুখি