আই চি চি ১৯ বছৰ অনুর্ধ পুৰুষ ক্রিকেট বিশ্বকাপ ২০২৬ৰ উদ্বোধনী খেলত ভাৰতে আমেৰিকাক ৬ উইকেটত পৰাস্ত কৰিছে। জিম্বাবুৱেৰ বুলাৱায়োৰ কুইন্স স্প’ৰ্টছ ক্লাবত অনুষ্ঠিত খেলখনত প্রথমে বেটিঙৰ বাবে আমন্ত্রণ লাভ কৰা আমেৰিকাই ৩৫ অ’ভাৰ আৰু দুটা বলত মাত্র ১০৭ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হেনিল পেটেলে ৫টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতে আৰম্ভণিতেই বৈভৱ সূৰ্যবংশীৰ উইকেট হেৰুৱায় যদিও বৰষুণৰ বাবে খেলখন ৩৭ অভাৰলৈ হ্রাস কৰা হয়। পাছলৈ ৯৬ ৰানৰ সংশোধিত লক্ষ্য ভাৰতে সহজেই অতিক্ৰম কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হেনিল পেটেলক প্লেয়াৰ অৱ দ্য মেচৰূপে নির্বাচিত কৰা হয়। কাইলৈ একেটা স্থানতে গ্রুপ এৰ দ্বিতীয়খন খেলত ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Assamese | January 16, 2026 12:34 PM | ICC Cricket
আই চি চি ১৯ বছৰ অনুর্ধ ক্রিকেট বিশ্বকাপ ২০২৬ৰ উদ্বোধনী খেলত ভাৰতৰ আমেৰিকাক ৬ উইকেটত পৰাস্ত