সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰত আজি অনুষ্ঠিত ডুবাই এয়াৰ শ্ব’ত ভাৰতীয় বায়ুসেনা বাহিনীৰ এখন তেজাছ যুদ্ধবিমান দুর্ঘটনাগ্রস্ত হয়। বায়ুসেনা বাহিনীয়ে প্ৰকাশ কৰা মতে এই দুৰ্ঘটনাত পাইলটগৰাকীৰ প্রাণহানি হয়। দুৰ্ঘটনাৰ কাৰণ নিশ্চিত কৰাৰ বাবে অনুসন্ধানৰ নিৰ্দেশ দিয়া হৈছে। বায়ু সেনাবাহিনীয়ে এই ঘটনাত প্ৰাণহানি হোৱা পাইলটগৰাকীৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। যুঁজাৰু বিমানখনে এয়াৰ শ্ব’ত অংশগ্ৰহণ কৰাৰ সময়তে এই দুর্ঘটনাটো সংঘটিত হয়।
Assamese | November 21, 2025 9:21 PM | IAF Tejas Jet Crashes at Dubai Air Show
সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰত অনুষ্ঠিত ডুবাই এয়াৰ শ্ব’ত ভাৰতীয় বায়ুসেনা বাহিনীৰ তেজাছ যুদ্ধবিমান দুর্ঘটনাগ্রস্ত