শেহতীয়াকৈ কলকাতাত থকা ৰাজনৈতিক পৰামৰ্শদাতা প্রতিষ্ঠান I-PAC আৰু সহ-প্রতিষ্ঠাপক প্রতীক জৈনৰ বাসগৃহত বিধিবলবৎকাৰী সংস্থাই তালাচী চলোৱাক লৈ পশ্চিমবংগ আৰক্ষীয়ে ৰুজু কৰা এজাহাৰ উচ্চতম ন্যায়ালয়ে আজি স্থগিত ৰাখিছে। উচ্চতম ন্যায়ালয়ে লক্ষ্য কৰিছে যে, এই আবেদনসমূহে কেন্দ্রীয় তদন্তত ৰাজ্যিক সংস্থাসমূহৰ হস্তক্ষেপৰ অভিযোগৰ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। যোৱা সপ্তাহত চলোৱা তালাচী অভিযানৰ সময়ত বাধা দিয়াৰ অভিযোগ উত্থাপন কৰি ইডিৰ আবেদন সন্দৰ্ভত ন্যায়াধীশ প্রশান্ত কুমাৰ মিশ্ৰ আৰু বিপুল পাঞ্চালীৰ বিচাৰপীঠে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জী, আৰক্ষী সঞ্চালক প্রধান ৰাজীৱ কুমাৰ আৰু কলকাতা আৰক্ষী আয়ুক্তলৈ জাননী জাৰি কৰে। বিচাৰপীঠখনে উত্তৰদাতাসকলক শপতনামা দাখিল কৰিবলৈ দুসপ্তাহৰ সময়সীমা বান্ধি দিয়ে আৰু অহা মাহৰ তিনি তাৰিখে পৰৱৰ্তী শুনানিৰ বাবে বিষয়টো পঞ্জীভুক্ত কৰে।
Assamese | January 15, 2026 8:13 PM | Supreme Court verdict of West Bengal Police FIR on ED
I-PAC আৰু সহ-প্রতিষ্ঠাপক প্রতীক জৈনৰ বাসগৃহত ইডিৰ তালাচীক লৈ পশ্চিমবংগ আৰক্ষীয়ে দিয়া এজাহাৰ উচ্চতম ন্যায়ালয়ে ৰাখিছে