ৰাজ্যৰ ৯৪৪টা পৰীক্ষা কেন্দ্ৰত কাইলৈ চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ’ব। এইবাৰ মুঠ ৪লাখ ২৯ হাজাৰ ৪৪৮ গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ’ব। পৰিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ৩১টা অতিৰিক্ত পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ’ব আৰু ৪২টা মূল্যায়ন কেন্দ্ৰত উত্তৰ বহী মূল্যায়ন কৰা হ’ব। পৰীক্ষা নিয়াৰিকৈ পৰিচালনাৰ বাবে ইতিমধ্যে সংশ্লিষ্ট জিলা আয়ুক্তসকলে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ ১৫ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত পৰিক্ষাৰ্থীৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিষিদ্ধ, মোবাইল ফোন, স্মার্ট ঘড়ী আদিকে ধৰি অন্যান্য ইলেকট্রনিক সামগ্ৰী ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।
Assamese | February 14, 2025 12:53 PM | HSLC Exam
কাইলৈ চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ