চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত শোণিতপুৰ জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা অন্বেষা গোস্বামীলৈ নির্মল চন্দ্ৰ শইকীয়া সোঁৱৰণী শৈক্ষিক মেধা বঁটা আগবঢ়োৱা হৈছে। অন্বেষাই আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ ৯২ দশমিক ৬ শতাংশ নম্বৰ লাভ কৰিছিল। জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰয়াত নিৰ্মলচন্দ্ৰ শইকীয়াৰ সোঁৱৰণত ২০২১ বৰ্ষৰ পৰাই এই বঁটা প্ৰদান কৰি অহা হৈছে। উল্লেখযোগ্য যে অন্বেষা গোস্বামী আকাশবাণী গুৱাহাটীৰ দৰঙৰ সংবাদদাতা ময়ুখ গোস্বামীৰ কন্যা।
Assamese | May 16, 2025 11:26 AM | hs result award mangaldoi sonitpur
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত শোণিতপুৰ জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা অন্বেষা গোস্বামীলৈ নির্মল চন্দ্ৰ শইকীয়া সোঁৱৰণী শৈক্ষিক মেধা বঁটা