ভাৰতৰ দিৱিজ চৰণ আৰু ইজৰাইলৰ ডেনিয়েল কুকিৰমেনৰ যুটীটোৱে ফিনলেণ্ডৰ হেলেচিংকিত অনুষ্ঠিত এইচ পি পি অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছত কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে। চৰণ আৰু কুকিৰমেনৰ যুটিটোৱে যোৱা নিশা প্রি-কোৱাৰ্টাৰ ফাইনেলত চেক গণৰাজ্যৰ মেটেজ ৱোছেল আৰু ডেনমাৰ্কৰ জোহান্স ইংগিল্ডিছনক ৭-৬, ৭-৫ পোনপটীয়া ছেটত পৰাস্ত কৰে। ভাৰত আৰু ইজৰাইলৰ যুটীটো আজি নিশা কোৱাৰ্টাৰ ফাইনেলত চতুর্থ বাছনিপ্ৰাপ্ত ইটালীৰ মাৰ্কো বর্টোলটি আৰু ফিনলেণ্ডৰ পেট্রিক নিকলাছ ছালমিনেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ১০ বাজিৰ ২০ মিনিটত আৰম্ভ হ’ব।
Assamese | November 7, 2024 1:34 PM | HPP Open tennis
দিৱিজ চৰণ আৰু ডেনিয়েল কুকিৰমেনৰ যুটীটো এইচ পি পি অপেন টেনিছ প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ